নিৰ্ব্বাচন তুমি নাহিবা.....

নিৰ্ব্বাচন তুমি নাহিবা.....
           লিখক,
    শ্বাহানুৰ ইছলাম

তুমি আহিছিলা
আকৌ আহিবা
কিছু নিৰ্লজ ভাষ্য
মিছা প্ৰতিশ্ৰুতি
আৰু শোষিত তেজ লৈ

তুমি নিৰ্য্যাতিতা
তুমি মৰিচিকা
তুমি শোষক সকলৰ
চাৰ্কাচৰ পুতলা

আমিবোৰ বৰ অসহায়
এমুঠি অন্নৰ বাবে যুজ কৰা
নিম্ন ভোজী কুকুৰ...
গনতন্ত্ৰ, স্বাধীনতা
আমাৰ প্ৰাপ্য নহয়

তুমি আহিলে হিংস্ৰ হয় ধৰনী
তোমাক শিৰত লৈ নাচি নাচি
উম্মাদ হয় মতলীয়াবোৰ

ধৰ্মীয় বিবাদ
বিদেশী অপবাদ
বিষাক্ত বাৰুদ
আৰু হিটলাৰী ৰূপ লৈ
তুমি নাহিবা.....

আমাক বাক্ স্বাধীনতা দিয়া
নালাগে মিছা প্ৰতিশ্ৰুতি...
আনি দিয়া
মিলনৰ পন্যভূমি.....
------------*****-----------

Comments

Popular Posts