-----মাতাল কবি----
--------মাতাল কবি---------
✍ শ্বাহানুৰ ইছলাম।
ভাৱিছিলো জীৱনতো
প্ৰেমৰ গীত নুশুনো
ভাৱিছিলো কেতিয়াও
আশাৰে ভৰা ৰঙীণ
সপোন নেদেখো...
ভাৱিছিলো বলিয়া নহওঁ...
ফাগুন , বসন্ত
ভেলেন্টাইন
অথবা সৰস্বতীত
প্ৰেম নামৰ গেলাটো খাই
কেতিয়াও মাতাল নহওঁ
জীৱনটোক কেতিয়াও
পৰাধীন নকৰো.....
আবেলিৰ কিৰণ
প্ৰকৃতিৰ ৰূপ
সৃষ্টিৰ মহিমা
আৰু ভঙা হৃদয়লৈ
বিষাদৰ কবিতা লিখিম
কিন্তু এয়া কি ???
কবিতাবোৰ দেখোন
প্ৰেমৰ মহাসাগৰ...
আৰু মই তাৰ
এটুপি পানী...
য'ত মই নিজেই
প্ৰেমৰ গেলা খাইছো
আৰু মাতাল হৈ
ছন্দহীন কবিতা লিখিছো।
_________*****_________


Comments
Post a Comment