আৰক্ষী

মোৰ দুই এজন Facebook আৰক্ষী বন্ধু সকললৈ এই কবিতাটো আগবঢ়ালো.....

---------আৰক্ষী----------
        ✍ শ্বাহানুৰ ইছলাম
___________________
মই আৰক্ষী
দেশ মাতৃৰ ৰক্ষাৰ স্বাৰ্থে
মৃত্যুৰ পিয়লা চাকি
শত্ৰুলৈ ভূমুকি মাৰো।

গণতন্ত্ৰৰ উচ্চ স্থম্ভত থাকিও
নিৰ্য্যাতনৰ বলি হৈছো
কোনোবা মন্ত্ৰী অথবা
দালালৰ হাতত।।

আমাৰ জাতি,ধৰ্ম একো নাই
দোষীক শাস্তি দিওঁ
আৰু গূণীজনক সেৱা।।

তহতবোৰ নিদিবিচোন ঘোচ
নকৰিবিচোন ধৰ্ষণ
ধৰ্মীয় সংঘৰ্ষ অথবা
অমানবীয় কাম।

মনত ৰাখিবি তহঁতবোৰ
ঘৰত নাহিলেও চিন্তা কৰো
তহঁতবোৰ টোপনী গলেও
মই সাৰে থাকো ।
-------------*****-------------

Comments

Popular Posts