আজি মোৰ ঘৰত জোনাক আহিছিলে

আজি মোৰ ঘৰত
জোনাক আহিছিলে
       📝 শ্বাহানুৰ ইছলাম

আজি মোৰ ঘৰত
জোনাক আহিছিলে

এই প্ৰথমবাৰ
ন কইনাৰ সাজেৰে
মৰমৰ এনাজৰিলৈ
হাত বাউলি মাতিছিলে…

বুকুত সজতনে
সাচি থোৱা মৰমবোৰে
জখলা বগাই দৌৰিছিলে…
আৰু তাক ভালপোৱাৰ
প্ৰতিশ্ৰুতি দিছিলে

সৃষ্টিৰ শ্ৰেষ্ট তুমি
শ্ৰেষ্টৰো প্ৰথম তুমি
দেৱতায়ো
তোমাৰ প্ৰেমত মতলীয়া...

জানিওঁ নজনা হৈছো
বুজিওঁ নুবুজা হৈছো
নিলগত গৈ নেদেখিলেওঁ
তোমাৰ প্ৰেমত
সঁচাই বলীয়া হৈছো |

Comments

Popular Posts