"শুকান চকুলো" এটি অসমীয়া কবিতা।
শুকান চকুলো
*************
✍️ শ্বাহানুৰ ইছলাম
তুমি মোৰ হৃদয় দলিচা উদং কৰি
কলৈনো দৌৰিচা ?
কালৈনো অপেক্ষা তোমাৰ !!
কাকনো মাতিছা দুহাত বাউলি ?
পলকতে মৰম সনা
মোৰ ফটা হৃদয়খন
জোৰা লগাবলৈ
তোমাৰ তৃপ্তি ভৰা
প্ৰেমৰ মৰিচিকাৰ
মইও এজন নিসংগ পথিক হৈছিলোঁ।
তুমি হীনতাত চকুলোৱে
ধেমালি কৰে বুকুৰ লগত
নীৰৱে লুকাভাকু খেলে,
পূৰ্ণিমাতো আন্ধাৰ হয়
মোৰ বুকুৰ শিহৰণবোৰ।
আজি তুমি সানি দিয়া ৰংবোৰ
মোৰ শুকান চকুলো
আৰু ছীদ্ৰ হৃদয়ৰ
তেজৰ টুপালেৰে হলি খেলিলো
সাতৰঙী নহয়, তেজৰঙা হলি।।
●●●●●●●●○○○○○●●●●●●●●


Comments
Post a Comment