"নিৰ্যাতন" এটি অসমীয়া কবিতা

           নিৰ্যাতন
            ********
         ✍️শ্বাহানুৰ ইছলাম‌।

কুঁৱলিময় দুভাগ নিশাৰ
কাহিলি পুৱাত
এৰি গৈছে তোমাক
ফুলশয্যাৰ সুগন্ধি সুভাষবোৰে
বিলীন কৰিছে
যন্ত্ৰময় কোলাহলতাক।

অতৃপ্ত প্ৰেমৰ
তৃপ্তিভৰা মায়াজালে
প্ৰতিনিয়ত কাঢ়ি নিছে সতীত্ব
এফালে ৰাৱনৰ নিৰ্যাতন
আনফালে নিসংগতাৰ ক্ৰন্দন।

শোষণৰ শাসন
পনবন্দী সীতাৰ ধৰ্ষণ
নীলা তেজৰে
পতিতাৰ ছদ্মনাম

গৰ্ভৱতীৰ নিঃসৰন চিঞৰত
মৃত্যুৰ পিয়লা চুমিছে,
পাপিষ্ঠই কলংকৰ
মোহৰ হানিছে।

আনফালে
বিলাসীতাৰ নেজ লগাই
মুক্ত মনে নাচি ফুৰিছে
ছদ্মবেশি নীলা শিয়াল।

ব্যৰ্থ সমৃদ্ধ ব্যৱস্থা
প্ৰতিটো সূৰ্য্যাস্তত
বিক্ৰী হৈছে শ শ নাৰীৰ
সিঁচৰিত সপোন।।।
-----------*****------------

Comments

  1. ভাল লাগিলে মতামত জনাৱ বুলি আশা কৰিলোঁ।

    ReplyDelete

Post a Comment

Popular Posts