মই জীয়াই থাকিব নুখুজো……
মই জীয়াই থাকিব নুখুজো……
লিখক,
শ্বাহানুৰ ইছলাম
মই জীয়াই থাকিব নুখুজো…
শত কোটি বছৰ পাৰ হোৱা
এই মায়াবী পৃথিৱীখনত
মই উশাহ লব নুখুজো।
প্ৰতিদিনে ৰক্তাক্ত হোৱা
অযস্ৰ নিষ্পাপ দেহা
মই চাই থাকিব নুখুজো।
তুমাৰ নামৰ ৰুমালখন মূৰত বান্ধি
মই হিংসাত্মক হব নুখুজো।
অইনৰ তেজেৰে সৃষ্টি হোৱা দেহাটোত
ধৰ্মৰ ছাপ বহাব নুখুজো।
তোমাৰ সৃষ্টিৰ আৰৰ ৰহস্যক
মই বিলীন কৰিব নুখুজো।
মোৰ মিনতি তোমালৈ
তোমাৰ এই বিশাল মঞ্চত
মঞ্চস্থ কৰিবলৈ দিয়া নাটখনি চমু কৰি নিয়া
কাৰণ ……মই জীয়াই থাকিব নুখুজো…
শত কোটি বছৰ পাৰ হোৱা
এই মায়াবী পৃথিৱীখনত
মই উশাহ লব নুখুজো।
মই জীয়াই থাকিব নুখুজো………
∆∆∆


Comments
Post a Comment