এম. সাৰফান আলী M Sarphan Ali মোহদয়লৈ আদৰ্শ শিক্ষক বটা প্ৰধান


যোৱা কালি অৰ্থাৎ ৫ চেপ্তেম্ভৰ ২০১৭ ইং তাৰিখে শিক্ষক দিৱস উপলক্ষে বৰপেটা জিলাৰ কলগাছিয়া ৰূপসী শিক্ষাখন্ডৰ অন্তৰ্গত বলাই পাথাৰ গাওঁৰ এম.বি স্কুলৰ  প্ৰধান শিক্ষক সন্মানীয় এম. সাৰফান আলী চাহাবক  তেখেতৰ শৈক্ষিক নৈতিক আৰু আদৰ্শৰ ওপৰত লক্ষ্য ৰাখি জিলা শিক্ষা আৰু প্ৰসিক্ষন প্ৰতিষ্ঠানৰ তৰফৰ পৰা মাননীয় শিক্ষাগুৰুজনক অসম চৰকাৰে আদৰ্শ শিক্ষক বঁটাৰে সন্মান প্ৰধান কৰে।
উক্ত গঠনাটো অঞ্চলত বিয়পি পৰাৰ লগে লগে শিক্ষা গুৰুজনৰ বাসগৃহত অৰ্থাৎ বালাৰ পাথাৰ গাঁৱৰ বিভিন্ন সন্মানীয় ব্যক্তিসকলে শিক্ষাগুৰুজনক আভ্যাৰ্থনা জনোই শ্ৰদ্ধাসহকাৰে সম্ভাৰ্ধনা জনায়।
তেখেতে অকল আমাৰ গাওৰেই নহয় গোটেই অঞ্চলৰ বাবে এটি গৌৰৱ কঢ়িয়াই আনিছে।
তেখেতৰ এই আদৰ্শক আমি অঞ্চলৰ সমূহ ৰাঈজে সলাগ যাচিছো আৰু লগতে তেখেতৰ দীৰ্ঘায়ু কামানা কৰি অনাগত দিনত ৰাজ্যিক তথা ৰাষ্ট্ৰীয় বটা লাভ কৰিব বুলি আমি ঈশ্বৰৰ ওচৰত দোৱা মাগিছো
জয় আই অসম।
জয় আমাৰ শিক্ষাগুৰু।
                      ধন্যবাদেৰ
                  শ্বাহানুৰ ইছলাম

Comments

Popular Posts