সূৰ্য
সূৰ্য্য
✍ শ্বাহানুৰ ইছলাম।
সূৰ্য্যটোৱে মোক ভাল পাবলৈ এৰা নাই,
আজিও তপত কৰি তোলে মোৰ দেহা, যৌৱন !
সূৰ্য্য সূখৰ দৰে স্বাৰ্থপৰ নহয়..
যে মোক পাহৰিব,
তোমাৰ প্ৰেমে সূৰ্য্যটোক গ্ৰাস কৰিব খোজে,
কলা ডাৱৰৰ আৱৰণ লৈ....
কিন্ত নোৱাৰে...
ক্ষন্তেক পিছতেই আকৌ উভতি আহে
আৰু অধিক উত্তপ্ত হৈ...
সূৰ্য্যৰ ৰশ্মিবোৰে....
বেৰৰ ফাকেদি চুৰ কৰি সোমায়
মোৰ শুৱনি কোঠালৈ
কাৰো কথাত কাণ নিদি
গালে মুখে চুমা দি যায়।
সূৰ্য্যটোৱে মোক আজিও ভাল পায়....
বহুত...ভাল পায়
কাৰণ, সূৰ্য তোমাৰ দৰে......
স্বাৰ্থপৰ নহয়....


Comments
Post a Comment