গুন্ডাৰাজ

অসমীয়া চলচিত্ৰ জগতখনৰ অবস্তা বৰ টনকীয়াল। অাজি কালি অসমৰ ছায়াছবি প্ৰেমী বন্ধুসকলে দক্ষিন ভাৰতৰ  Fan হৈ গৈছে।
তুলনামুলক ভাৱে চাৱ গলে বলিউডকো পিছ পেলোৱাৰ দৰে বিগ বাজেটত ফিল্মবোৰ নিৰ্মাণ কৰি আছে।
এনেকুৱা অৱস্তাত অসমত সৰু সোৰা বাজেটৰ ফিল্মবোৰ নিৰ্মাণ কৰিলে কোনে বাৰু চাৱলৈ আগ্ৰহ কৰিৱ।
তথাপি আমি কলগাছিয়া ফিল্ম প্ৰডাকশ্বনৰ পৰা যোৱা বছৰতেই তিনি খনকৈ  VCD film নিৰ্মাণ কৰিছিলো, আৰু সেয়া কেৱল লাভৰ আশাত নহয়। অসমীয়া ছৱিজগতখন বৰ্জিত ৰখাৰ বাৱে আৰু কিছু অংশ নিজৰ প্ৰতিভা ৰাঈজৰ মাজত ফুটাই তুলাৰ বাৱে।
এইবাৰো ঠিক আগৰ দৰে অলপ আশা আৰু মৰম বিচাৰি আপোনালোকৰ মাজত দাঙি ধৰিৱ বিচাৰিছো এখন  Action Movie "গুন্ডাৰাজ"
কাহিনী আৰু সংলাপ লিখিছে বিশিষ্ট সাংবাদিক জাহিদুল ইছলামে, ছবিখনত মই পৰিকল্পনা আৰু সহঃ পৰিচালক হিচাপে কাম কৰিছো।
পৰিচালনা আৰু মূখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জাদ্দিকুৰ ৰহমান (ৰাজা)।
প্ৰযোযক: নুৰুল ইছলাম আৰু  ছামচুল হক।
বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে,এম শ্বাৰফান,জাহিদুল,কদম,শ্বাহানুৰ(মই নিজেও),জাহাংগীৰ,নুৰুল,ছামচুল,মান্নান,মনিৰুজ্জামান,হালিমা,হাবিব আৰু বহুতো।
ছবিখনত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছে অসমীয়া ধাৰাবাহীক চিৰিয়েলৰ জনপ্ৰিয় অভিনাত্ৰী শ্বেহনাজ খানে।
ছবিখন চলিত বছৰৰ শেষৰ ভাগত মুক্তি লাভ কৰিৱ।
সকলো চলচিত্ৰ প্ৰেমীয়ে আমাৰ ছৱিখন আকোৱালী লব বুলি আশা ৰাখিলো।
ধন্যবাদেৰে
        শ্বাহানুৰ ইছলাম

Comments

Popular Posts