"অসম সমন্বয় সাহিত্য পৰিষদ"ৰ প্ৰথম অধিবেশন "সমন্বয় মহোৎসৱ" ১৭, ১৮ আৰু ১৯ ২০১৮ ইংৰাজী বৰ্ষ।
"অসম সমন্বয় সাহিত্য পৰিষদ"ৰ কলগাছিয়ৰ বালাৰ পাথাৰত হৈ যোৱা "সমন্বয় মহোৎসৱ"ৰ তিনিদিনায়া বৰ্ণাঢ্য কাৰ্যসূচীত মোক মূখ্য সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে মই আয়োজক সমিতিৰ সমূহ কৰ্মীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে সময়ৰ নাটনি আৰু কৰ্ম ব্যস্ততাৰ মাজত এই মহোৎসৱৰ কাৰ্যসূচীত অতিথি হিচাপে নিমন্ত্ৰণ কৰিব খোজা কিছু সন্মানীয় ব্যক্তিসকলক সময় মতে কাৰ্যসূচী ও পত্ৰ প্ৰেৰণ কৰিব নোৱাৰাৰ বাবে মই সচাকৈয়ে দুখ অনুভৱ কৰি সিহঁতৰ ওচৰত ক্ষমা বিচাৰি অনাগত দিনবোৰত সিহতৰ পৰামৰ্শ বিচাৰিছোঁ।
এই চেগতে যি সকল ব্যক্তিয়ে দূৰ দূৰণিৰ পৰা আমাৰ মাজত আহি"সমন্বয় মহোৎসৱ"ৰ মঞ্চ আলোকিত কৰিলে তেখেত সকললৈ মই আন্তৰিক কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰিছো আৰু অনাগত দিনবোৰত আমাৰ মাজত আহি আমাক আৰু অধিক উৎসাহ উদ্দিপনা আগবঢ়াব বুলি আশা ৰাখি হৈ যোৱা সকলো ভুলৰ ক্ষমা বিচাৰি "সমন্বয় মহোৎসৱ"ৰ কিছু আলোকপাত ও স্মৰণিকাৰ কেইটামান ছবি দৰ্শক সকললৈ আগবঢ়ালোঁ।
ধন্যবাদ।
Comments
Post a Comment